ৱিকিপিডিয়া
এই প্ৰকল্পটো ইংৰাজী-ভাষাৰ ৱিকিপিডিয়াৰে ১৫ জানুৱাৰী, ২০০১ত আৰম্ভ কৰা হৈছিল। ২০০১ চনৰ ১৬ মাৰ্চত ইয়াৰ লগত জাৰ্মান ৱিকিপিডিয়া যোগদান কৰে, আৰু কিছু সময়ৰ পিছতে আন বহুতো ভাষাও যোগদান কৰে। প্ৰকল্পটোৰ আন্তৰ্জাতিক স্বৰূপক উজ্জ্বল কৰি তুলিবলৈ বৃহৎ প্ৰচেষ্টা চলি আছে।
জানুৱাৰী ২০২৫ অনুসৰি, এশতকৈ অধিক প্ৰৱন্ধ থকা ৱিকিপিডিয়াৰ সংখ্যা হৈছে 338, সেইদৰে 175 খন ৱিকিপিডিয়াত ১০,০০০ৰ অধিক প্ৰৱন্ধ, আৰু 73 খন ৱিকিপিডিয়াত ১,০০,০০০তকৈ অধিক প্ৰৱন্ধ আছে।
জানুৱাৰী ২০২৫ অনুসৰি, ৱিকিপিডিয়াৰ মুঠ 353 টা ভাষিক সংস্কৰণ আছে, আৰু সৰ্বমুঠ 64,210,337 নিযুততকৈও অধিক প্ৰৱন্ধ আছে।
বিস্তৃত পৰিসংখ্যাৰ বাবে, ৱিকিপিডিয়াসমূহৰ তালিকা চাওক।
মাইলৰ খুঁটি
২০০৪ চনৰ ২০ ছেপ্টেম্বৰত ৱিকিপিডিয়াত ১০০ টাতকৈও অধিক ভাষাত মুঠ ১,০০০,০০০ প্ৰবন্ধ পোৱা যায়।
ইংৰাজী ৱিকিপিডিয়াত ২০০৬ চনৰ ১ মাৰ্চত ১,০০০,০০০, ২০০৭ চনৰ ৯ ছেপ্টেম্বৰত ২,০০০,০০০, ২০০৯ চনৰ ১৭ আগষ্টত ৩,০০০,০০০, ২০১২ চনৰ ১৩ জুলাইত ৪,০০০,০০০, ২০১৫ চনৰ ১ নৱেম্বৰত ৫,০০০,০০০ আৰু ২০২০ চনৰ ২৩ জানুৱাৰী তাৰিখে ৬,০০০,০০০ প্ৰবন্ধ প্ৰকাশ হয়।
ইংৰাজী ভাষাৰ ৱিকিপিডিয়াৰ পিছত জাৰ্মান (২৭ ডিচেম্বৰ ২০০৯), ফৰাচী (২১ ছেপ্টেম্বৰ ২০১০), ডাচ (১৭ ডিচেম্বৰ ২০১১), ইটালীয় (২২ জানুৱাৰী ২০১৩), ৰাছিয়ান (১১ মে' ২০১৩), স্পেনিছ (১৬ মে' ২০১৩), ছুইডিছ (১৫ জুন ২০১৩)[1], পোলিছ (২৪ ছেপ্টেম্বৰ ২০১৩), ৱাৰে (৮ জুন ২০১৪), ভিয়েটনামী (১৫ জুন ২০১৪), চেবুয়ানো (১৬ জুলাই ২০১৪)[1], জাপানী (১৯ জানুৱাৰী ২০১৬), চীনা (১৩ এপ্ৰিল ২০১৮), পৰ্তুগীজ (২৬ জুন ২০১৮), আৰবী (১৭ নৱেম্বৰ ২০১৯), ইউক্ৰেইনীয় (২২ মাৰ্চ ২০২০) আৰু ইজিপ্তৰ আৰবী সংস্কৰণ (২৮ জুলাই ২০২০) প্ৰতিটোতে ১,০০০,০০০ তকৈ অধিক প্ৰবন্ধ আছে।
২০১৫ চনৰ ৫ ছেপ্টেম্বৰত ছুইডিছ ৱিকিপিডিয়াই ২,০০০,০০০ প্ৰবন্ধ ��াভ কৰে আৰু তাৰ পিছত ২০১৬ চনৰ ১৪ ফেব্ৰুৱাৰীত চেবুয়ানো ৱিকিপিডিয়া,[1] জাৰ্মান ৱিকিপিডিয়াই ১৯ নৱেম্বৰ ২০১৬, ফৰাচী ৱিকিপিডিয়াই ৮ জুলাই ২০১৮ আৰু ডাচ ৱিকিপিডিয়াই ৮ মাৰ্চত প্ৰকাশ কৰে ২০২০।
২০১৬ চনৰ ২৭ এপ্ৰিলত ছুইডিছ ৱিকিপিডিয়াই ৩,০০০,০০০ টা প্ৰবন্ধ লাভ কৰে আৰু তাৰ পিছত ২০১৬ চনৰ ২৫ ছেপ্টেম্বৰত চেবুয়ানো ৱিকিপিডিয়াত প্ৰকাশ পায়।[1]
২০১৭ চনৰ ১১ ফেব্ৰুৱাৰীত চেবুয়ানো ৱিকিপিডিয়াত ৪,০০০,০০০ প্ৰবন্ধত উপনীত হয়।[1]
২০১৭ চনৰ ৮ আগষ্টত চেবুয়ানো ৱিকিপিডিয়াই ৫,০০০,০০০ প্ৰবন্ধ লাভ কৰে।[1]
২০২১ চনৰ ১৪ অক্টোবৰত চেবুয়ানো ৱিকিপিডিয়াত ৬,০০০,০০০ প্ৰবন্ধত উপনীত হয়।[1]
২০০৪ চনত ৱিকিপিডিয়াই "কমিউনিটি"ৰ ৱেবী এৱাৰ্ড আৰু ."ডিজিটেল কমিউনিটি."ৰ পিক্স আৰছ ইলেক্ট'নিকা পদক লাভ কৰে। ২০১৫ চনত ইৰাছমাছ বঁটা ৱিকিপিডিয়া সম্প্ৰদায়ক সামূহিকভাৱে প্ৰদান কৰা হয়।
ভাষিক সংস্কৰণ
ৱিকিপিডিয়া সম্পৰ্কীয় লিখা
- ৱিকিপিডিয়া - মাৰ্ক জেইছ, ২০০১ – কানাডিয়ান লিখকৰ হাতপুথি হিচাপে লিখা এটা প্ৰৱন্ধ (ত্ৰয়োদশ সংস্কৰণ)
- ৱিকিপিডিয়া (এভ্ৰিঠিং২) – এক্সেল ব'ল্টডৰ এটা এভ্ৰিঠিং ২ ন'ড
আৰু চাওক
- ৱিকিপিডিয়া
- ৱিকিপিডিয়াসমূহৰ তালিকা
- বৃহৎ ৱিকিসমূহৰ তালিকা
- ৱিকিমিডিয়া ফাউণ্ডেচন
- ৱিকিমিডিয়া প্ৰকল্পসমূহ
- ৱিকিপিডিয়া:বহুভাষিক পৰিসংখ্যা
- ৱিকিমিডিয়ান
- হাৰ্ডৱেৰ পৰিচৰ্চা আৰু চফ্টৱেৰ বিকাশ: মিডিয়াৱিকি বিকাশ
- মিডিয়াৱিকিৰ নীতিসমূহ