সমললৈ যাওক

ডিম্বেশ্বৰ চলিহা

ৱিকিউদ্ধৃতিৰ পৰা

ডিম্বেশ্বৰ চলিহা হৈছে এজন অসমীয়া লেখক। তেওঁ বিজ্ঞানীৰ বিচিত্ৰ বতৰা , চৰাই চিনো আহক আদি কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে।[]

বিজ্ঞানীৰ বিচিত্ৰ বতৰা

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  1. সত্যৰ অন্বেষণত ব্ৰতী বিজ্ঞানীসকলে জীৱনত বহুতো কৰুণ সমস্যাৰ সন্মুখীন হয় - তাক নপঢ়িলে বুজিব নোৱাৰি। []
  2. বিজ্ঞানীসকলে ওৰে জীৱন বিজ্ঞান চৰ্চা কৰিয়েই কটায়। নজনাক জনাৰ আৰু নোপোৱাক পোৱাৰ আশাতে তেওঁলোক চিৰজীৱন বন্দী। []
  3. বিজ্ঞানীসকলৰ জীৱন চৰিত অধ্যয়ন কৰিলে দেখা যায় যে এওঁলোকৰ জীৱন নানা বিচিত্ৰতাৰ��� পৰিপূৰ্ণ। বিজ্ঞান চৰ্চাই মূল লক্ষ্য যদিও কোনোজন গায়ক, কোনোজন বাদক, কোনোজন চিত্ৰকৰ, কোনোজন সাংবাদিক, কোনোজন পাৰ্লিয়ামেণ্টৰ সদস্য আৰু কোনোজন খুহুতীয়া কথাৰ ভঁৰাল। এওঁলোকৰ প্ৰত্যেকৰে কিবা নহয় কিবা একোটা উপৰুৱা নিচা থাকে।[]
  4. বেজিৰ জ্বলা মনা অথচ কুঠাৰৰ জ্বলা নমনা এই বিজ্ঞানীসকলৰ জীৱনত কিমান যে সৰু-ডাঙৰ ৰসাল আৰু কৌতূহলজনক ঘটনা ঘটে - কল্পনা কৰাই টান। []
  5. একোটা আৱিষ্কাৰ লৈ দুজনা বিজ্ঞানীৰ মাজত মাজে-সময়ে কাজিয়া লগা দেখা যায়। ইয়াৰ মূল কাৰণ হ'ল - দুজনা বিজ্ঞানীয়ে দুঠাইত একোটা কামৰ ওপৰতে গৱেষণা কৰাটো। একেধৰণৰ বস্তুৰ ওপৰত কৰা গৱেষণাৰ ফল একেই হ'ব। তাৰে এজনে আগতে প্ৰকাশ কৰি দিলে আনজনে ঠোঁট-মোট চেলেকিব লগাত পৰে। []
  6. ৰাজনীতিবিদ একোজনে তেওঁৰ বক্তৃতাত শতকৰা আশীটামান মিছা কথা কোৱাটো সাধাৰণ কথা। কোনোবা চকু চৰহাই তাকে ভুল বুলি ক'লে তাৰো উপায় থাকে। বিবৃতি একোটা দি নাই কোৱা বা সংবাদদাতাই ভুলকৈ পৰিৱেশন কৰিছে বুলি ক'লেই সৰ্বদোষ মাফ হৈ যায়। বিজ্ঞানীসকলক এনে বেমাৰে সাধাৰণতে নাপায়। []
  7. প্ৰখ্যাত বিজ্ঞানীসকলে সাধাৰণ মানুহৰ আগত সাধাৰণতে নিজৰ যশস্যাৰ ঢোল কোবাই নুফুৰে। কিন্তু তেওঁলোকৰ বেছিভাগেই আত্মগৌৰৱৰ ঊৰ্ধত নহয়। প্ৰত্যেকেই সুবিধা পালেই নিজৰ শ্ৰেষ্ঠত্ব দাবী কৰিবলৈ বিচাৰি ফুৰে।[]
  8. প্ৰখ্যাত বিজ্ঞানী, কলাকাৰসকলে সাধাৰণতে সকলোকে সমান চকুৰেই চায় - তেহেলৈ তেওঁ সদাগৰেই হওক বা বাটৰ ভিক্ষাৰীয়েই হওক, বিদ্বানেই হওক বা গোটগৰুৱেই হওক। []
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ১.৭ ১.৮ চলিহা, ডিম্বেশ্বৰ (ছেপ্তেম্বৰ, ২০১৫)। বিজ্ঞানীৰ বিচিত্ৰ বতৰা। বনলতা।