মাউণ্ট কিলিমাঞ্জাৰ'
মাউণ্ট কিলিমাঞ্জাৰ' (Kilimanjaro) | |
---|---|
মাউণ্ট কিলিমাঞ্জাৰ'ৰ কিব' (Kibo) গিৰিশৃঙ্গ | |
উচ্চতা | 5,895 m (19,341 ft)[1] |
Prominence | 5,885 m (19,308 ft)[2] Ranked 4th |
তালিকা | Seven Summits Volcanic Seven Summits Country highest point Ultra |
অৱস্থান | |
Tanzania | |
অৱস্থিতি | Kilimanjaro Region, Tanzania |
স্থানাংক | 03°04′33″S 37°21′12″E / 3.07583°S 37.35333°Eস্থানাংক: 03°04′33″S 37°21′12″E / 3.07583°S 37.35333°E |
টপ' মেপ | Kilimanjaro map and guide by Wielochowski[3] |
ভূতত্ত্ব | |
প্ৰকাৰ | Stratovolcano |
শেহতীয়া উদ্গীৰণ | None in recorded history |
আৰোহন | |
প্ৰথম আৰোহনকাৰী | 1889 Hans Meyer Ludwig Purtscheller |
সহজতম পথ | Hike |
মাউণ্ট কিলিমাঞ্জাৰ (ইংৰাজী: Kilimanjaro), টাঞ্জানিয়াৰ কিলিমাঞ্জাৰ' ৰাষ্ট্ৰীয় উদ্যানত অৱস্থিত এটা সুপ্ত আগ্নেয়গিৰি (volcanic mountain)৷ ইয়াৰ তিনিটা মূখ্য গিৰিশৃংগ আছে- কিব' (Kibo), মাৱেঞ্জি (Mawenzi), আৰু শ্বিৰা (Shira) ৷ ই আফ্ৰিকাৰ সৰ্ব্বোচ্চ পৰ্বত৷ ইয়াৰ কিব' শৃংগৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৫,৮৯৫ মিটাৰ৷[4]
বিৱৰণ
[সম্পাদনা কৰক]মাউণ্ট কিলিমাঞ্জাৰ'ৰ তিনিটা পৃথক আগ্নেয়গিৰি (volcanic cone) ৰে গঠিত৷ এইবোৰ হ'ল- কিব' 5,895 মিটাৰ (19,341 ফুট); মাৱেঞ্জি- 5,149 মিটাৰ (16,893 ফুট); আৰু শ্বিৰা- 3,962 মিটাৰ (13,000 ফুট). কিব' শৃংগৰ ওপৰত থকা উহুৰু (Uhuru) নামৰ শৃংগটো এই তিনিওটাৰ ভিতৰত সৰ্বোচ্চ৷
মাউণ্ট কিলিমাঞ্জাৰ' এটা সুবৃহৎ সংযুক্ত আগ্নেয়গিৰি (stratovolcano) ৷ ইয়াৰে দুটা শৃংগ অৰ্থাৎ মাৱেঞ্জি আৰু শ্বিৰাৰ আগ্নেয়গিৰি বৰ্তমান সম্পূৰ্ণ বিলুপ্ত (extinct) ৷ কিন্তু তৃতীয় আৱু সৰ্বোচ্চ শৃংগ কিব' বৰ্তমান সুপ্ত অৱস্থাত আছে আৰু ভবিষ্যতে পুনৰ জাগ্ৰত হৈ উঠিব পাৰে৷ ইয়াৰ শেহতীয়া উদগীৰণ প্ৰায় ১৫০,০০০-২০০,০০০ বছৰ পূৰ্বে হৈছিল বুলি জনা যায়৷[5]
যদিউ সুপ্ত, কিব' আগ্নেয়গিৰিৰ ফুমাৰ'ল বা সুৰুঙা (fumaroles) বোৰৰ পৰা বৰ্তমানেও বিভিন্ন গেছ নিঃসৰণ হয়৷ তাৰোপৰি অতীতত কিব'ৰ বিভিন্ন অংশত ভূমিস্খলন হোৱাৰো তথ্য পোৱা যায়৷
মশ্বি (Moshi) নামৰ চহৰৰ আশে পাশে মাউণ্ট কিলিমাঞ্জাৰ' ৰ উচ্চতা প্ৰায় 5,100 মিটাৰ (16,732 ফুট) ৷ কিব'ৰ টিঙত সমমিত ( symmetrical) এক শংকু (cone) ৰে আৱৰি আছে৷ এই শংকুৰ গঁড়াসমূহৰ (scarps) দক্ষিণ দিশত উচ্চতা ১৮০-২০০ মিটাৰ৷ এই গঁড়াসমূহে প্ৰায় ২.৫ কিলোমিটাৰ জুৰি এটা কেলডেৰা (caldera) সৃষ্টি কৰিছে৷ এই অঞ্চলৰ মাজত থকা গাঁতসদৃশ ক্ৰেটাৰ (crater) অঞ্চলটোক 'Reusch Crater' বুলি কোৱা হয়৷ ডক্তৰ ৰ���চাৰ্ড ৰেউশ্বে ৬৫ বাৰ কৰা কিলিমাঞ্জাৰ'ৰ পৰ্বতাৰোহণৰ স্মৃতিতে টাঞ্জানিয়াৰ চৰকাৰে এই অঞ্চলৰ তেওঁৰ উপাধিৰে নামকৰণ কৰে৷[6][7] [8]
জৈৱবৈচিত্ৰ্য
[সম্পাদনা কৰক]আফ্ৰটপিক অঞ্চলত অৱস্থিত এক স্কাই আইলেণ্ড (Afromontane sky island) হোৱাৰ বাবে কিলিমাঞ্জাৰ' জৈৱবৈচিত্ৰ্যত অত্যন্ত চহকী৷ ইয়াৰ জায়েণ্ট গ্ৰাউণ্ডচেল (giant groundsels) এবিধ endemic উদ্ভিদ৷ সাগৰ পৃষ্ঠৰ পৰা ৩০০০ মিটাৰ উচ্চতাত কিলিমাঞ্জাৰ'ৰ বনাঞ্চলৰ প্ৰকাৰ বৈচিত্ৰ্যপূৰ্ণ৷ এই অঞ্চলত প্ৰায় ১২০০বিধ vascular উদ্ভিদৰ প্ৰজাতি দেখা পোৱা যায়৷ ইয়াৰ ভিতৰত Montane Ocotea, Cassipourea, Juniperus আদি প্ৰধান৷ তাৰোপৰি ইয়াৰ ৮,১০০ উচ্চতাত Subalpine Erica বনাঞ্চল দেখা যায়৷
আলোকচিত্ৰৰ ভঁৰাল
[সম্পাদনা কৰক]-
Caution signs at the Machamé trailhead
-
Memorial recognizing Hans Meyer as the first European to "conquer" Kilimanjaro
-
The decrease in snow/ice cover on the summit from 1993 (top) to 2000 (bottom)
-
আকাশৰ পৰা মাউণ্ট কিলিমাঞ্জাৰ'
-
আকাশৰ পৰা মাউণ্ট কিলিমাঞ্জাৰ'
-
Historical map with "Kilima-Ndscharo" in German East Africa, 1888
-
ডাৱৰে আৱৰা মাউন্ট কিলিমাঞ্জাৰ'
-
ম'শ্বি (Moshi) নগৰৰ পৰা দেখা পোৱা মাউণ্ট কিলিমাঞ্জাৰ'
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Kilimajaro Guide—Kilimanjaro 2010 Precise Height Measurement Expedition". http://www.mountkilimanjaroguide.com/kilimanjaro-height.html। আহৰণ কৰা হৈছে: 16 May 2009.
- ↑ "Kilimanjaro". Peakbagger.com. http://www.peakbagger.com/peak.aspx?pid=11202। আহৰণ কৰা হৈছে: 2012-08-16.
- ↑ EWP (2009). Kilimanjaro Map and tourist Guide (Map). 1:75,000 with 1:20,000 and 1:30,000 insets. EWP Map Guides. Cartography by EWP (4th সম্পাদনা). ISBN 0-906227-66-6. http://www.ewpnet.com/KILIMAP.HTM.
- ↑ the Kilimanjaro 2008 Precise Height Measurement Expedition. "Precise Determination of the Orthometric Height of Mt. Kilimanjaro". http://www.fig.net/pub/fig2009/papers/ts08c/ts08c_fernandes_teamkili2008_3438.pdf। আহৰণ কৰা হৈছে: May 12, 2009.
- ↑ Nonnotte, Philippe; Hervé Guillou, Bernard Le Gall, Mathieu Benoit, Joseph Cotten, Stéphane Scaillet (2008). "New K-Ar age determinations of Kilimanjaro volcano in the North Tanzanian diverging rift, East Africa". Journal of Volcanology and Geothermal Research খণ্ড 173 (1-2): 99–112. doi:10.1016/j.jvolgeores.2007.12.042. http://hal.univ-brest.fr/docs/00/30/44/58/PDF/Nonnotte_et_al.J.Volc.Geoth.Res-08.pdf.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2011-07-15. https://web.archive.org/web/20110715183113/http://www.richardreusch.com/testimonials.php। আহৰণ কৰা হৈছে: 2013-12-16.
- ↑ The Power of Purpose: Find Meaning, Live Longer. Richard J Leider. page 13.
- ↑ On Thin Ice. Mark Bowen. 2005. ISBN 0-8050-6443-5. page 342. Explore Mount Kilmanjaro. fold out map.
লগতে চাওক
[সম্পাদনা কৰক]- Dundas, Sir Charles (1924) Kilimanjaro and Its People: A History of the Wachagga, Their Laws, Customs and Legends, Together with Some Account of the Highest Mountain in Africa 1st Edition London: Cass.
- Ernest Hemingway, "The Snows of Kilimanjaro".
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত Kilimanjaro সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Mount Kilimanjaro National Park Archived 2012-09-23 at the Wayback Machine
- NASA Earth Explorer page
- Glacial recession of Southern Icefields
- Mt Kilimanjaro live webcam
- Kilimanjaro Flora Picture Gallery
- Aerial photographs of Mount Kilimanjaro, 1937-38—University of Wisconsin-Milwaukee Libraries Digital Collections
- Kilimanjaro
- How hard is it to climb Mount Kilimanjaro?