ভাৰতীয় মুছলিম মহিলা আন্দোলন
ভাৰতীয় মুছলমান মহিলা আন্দোলন (ইংৰাজী: Bharatiya Muslim Mahila Andolan) হৈছে জাকিয়া সোমনৰ নেতৃত্বত গঠিত এটা স্বায়ত্তশাসিত, ধৰ্মনিৰপেক্ষ, অধিকাৰভিত্তিক গণ সংগঠন যিয়ে ভাৰতৰ মুছলমান মহিলাসকলৰ নাগৰিকত্বৰ অধিকাৰৰ বাবে যুঁজ দিয়ে।[1] ২০১১ চনৰ জানুৱাৰী মাহত এই সংগঠন গঠন কৰা হৈছিল।[1] এই সংস্থাটো মুম্বাইত অৱস্থিত।[2]
২০১৬ চনলৈকে এই সংস্থাটোৰ ১৫ খন ৰাজ্যত এক লাখৰো অধিক সদস্য আছিল।[3]
বিএমএমএই ১০খন ৰাজ্যত মুছলমান ব্যক্তিগত আইন সংস্কাৰৰ ওপৰত মুছলমান মহিলাৰ মতামত (পৰিয়ালৰ ভিতৰত ন্যায় বিচৰা)ৰ ওপৰত এক অধ্যয়ন[4][5][6]কৰিছিল যিয়ে প্ৰকাশ কৰিছিল যে সমীক্ষাত অংশগ্ৰহণ কৰা ৪,০০০ৰো অধিক মহিলাৰ ভিতৰত ৮২%[7] ৰ নামত কোনো সম্পত্তি নাছিল আৰু ৭৮% গৃহিণী আৰু তেওঁলোকৰ নিজৰ কোনো আয় নাছিল।
ভাৰতীয় মুছলিম মহিলা আন্দোলনৰ সহ-প্ৰতিষ্ঠাপক জাকিয়া সোমনে কয় যে, ‘এয়া একেবাৰে প্ৰকাশ্য যে ৯৫.৫% দৰিদ্ৰ মহিলাই সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন ব’ৰ্ডৰ কথাও শুনা নাছিল, তথাপিও চৰকাৰ আৰু জনসাধাৰণে মুছলমান সম্প্ৰদায়ৰ এই স্বঘোষিত নেতাসকলে লোৱা সিদ্ধান্তত বিশ্বাস কৰে। ভাৰতীয় মুছলিম মহিলা আন্দোলনৰ সহ-প্ৰতিষ্ঠাপক নূৰ্জেহান ছাফিয়া নিয়াজে হিজাবৰ দৰে প্ৰথাক সমৰ্থন নকৰে আৰু বিশ্বাস কৰে যে সম্পূৰ্ণ অচিনাকি মানুহ (যুৱ-বুঢ়া, আৰু এবাৰ এগৰাকী কনিষ্ঠ মহিলা) ৰাজহুৱা স্থানত তেওঁৰ ওচৰলৈ আহি শাস্তিহীনতা আৰু সাহসেৰে সাজ-পোছাক পিন্ধাৰ পছন্দক লৈ প্ৰশ্ন উত্থাপন কৰা দৃষ্টান্তসমূহে তেওঁৰ ব্যক্তিগত স্থান উলংঘা কৰে।[8]
শনি শ্বিংনাপুৰ মন্দিৰৰ বিতৰ্কত সংগঠনটোৱে হিন্দু মহিলাসকলক সমৰ্থন কৰিছে।[9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "About" (en-US ভাষাত). Bharatiya Muslim Mahila Andolan. http://bmmaindia.com/about/। আহৰণ কৰা হৈছে: 2016-01-27.
- ↑ Hasan Suroor (6 January 2014). India's Muslim Spring. Rupa Publications. পৃষ্ঠা. 52. ISBN 978-81-291-3164-5. https://books.google.com/books?id=EZCeAwAAQBAJ&pg=PT52.
- ↑ Kohli, Namita (11 September 2016). "Zakia and Noorjehan: Duo lead movement for reforms in Muslim personal laws". Hindustan Times. https://www.hindustantimes.com/india-news/meet-zakia-and-noorjehan-who-are-leading-the-movement-for-reforms-in-muslim-personal-laws/story-1hhwA5kk9lSmaUvuj0EXGM.html.
- ↑ Dhar, Aarti. "Muslim Women Want Reforms in Personal Laws, Study Reveals". The Wire. http://thewire.in/2015/08/20/muslim-women-want-reforms-in-personal-laws-study-reveals-8886/। আহৰণ কৰা হৈছে: 2016-01-27.
- ↑ "Muslim Women's Views on Muslim Personal Law". Economic and Political Weekly. http://www.epw.in/journal/2015/51/notes/muslim-womens-views-muslim-personal-law.html। আহৰণ কৰা হৈছে: 2016-01-27.
- ↑ "Muslim women to mullahs: We are here, reform personal law or else… - Firstpost" (en-US ভাষাত). Firstpost. http://www.firstpost.com/india/muslim-women-to-mullahs-here-we-come-reform-personal-law-or-else-2398574.html। আহৰণ কৰা হৈছে: 2016-01-27.
- ↑ "89% Muslim women want government hand in codification of law: Study | Latest News & Updates at Daily News & Analysis" (en-US ভাষাত). dna. http://www.dnaindia.com/mumbai/report-89-muslim-women-want-government-hand-in-codification-of-law-study-2113388। আহৰণ কৰা হৈছে: 2016-01-27.
- ↑ Kohli, Namita (2022-03-04). "I can see the pitfalls of supporting practices such as hijab: Noorjehan Safia Niaz". The Hindu. https://www.thehindu.com/society/i-can-see-the-pitfalls-of-supporting-practices-such-as-jihab-noorjehan-safia-niaz/article65092300.ece। আহৰণ কৰা হৈছে: 2022-03-27.
- ↑ "United for a cause: Muslim group backs Hindu women in Shani Shingnapur temple row". CatchNews.com. http://www.catchnews.com/social-sector/muslim-group-supports-hindu-women-over-shani-temple-controversy-bharatiya-muslim-mahila-andolan-zakia-soman-noorjehan-safia-niaz-section-144-1453870629.html। আহৰণ কৰা হৈছে: 2016-01-27.