সমললৈ যাওক

পিৰাহা ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


পিৰাহা (Pirahã)
Múra-Pirahã
xapaitíiso
উচ্চাৰণ /ʔàpài̯ˈtʃîːsò/
থলুৱা অঞ্চল ব্ৰাজিল
অঞ্চল মাইচি নদী
জাতীয়তা পিৰাহা
স্থানীয় ভাষিক
250–380 (2009)
ভাষা পৰিয়াল
মুৰা
  • পিৰাহা (Pirahã)
লিখন প্ৰণালী লেটিন
ভাষা সংকেত
ISO 639-3 myp
গ্লোটোলগ pira1253[1]
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।

পিৰাহা বা মুৰা-পিৰাহা ভাষা হ'ল ব্ৰাজিলৰ আমাজনাৰ পি��াহা জনগোষ্ঠীৰ থলুৱা ভাষা। পিৰাহাসকলে আমাজন নদীৰ উপনৈ মাইচি নদীৰ কাষত বাস কৰে। পিৰাহা হৈছে মুৰা ভাষাৰ একমাত্ৰ জীয়াই থকা উপভাষা। মুৰা জনগোষ্ঠীৰ বেছিভাগ গোট পৰ্তুগীজলৈ স্থানান্তৰিত হোৱাৰ কাৰণে যোৱা কেইটামান শতিকাত মুৰা ভাষাৰ বাকী উপভাষা সমূহৰ মৃত্যু হৈছে। পিৰাহা ভাষা কোৱা মানুহৰ সংখ্যা ২৫০ৰ পৰা ৩৮০জনৰ ভিতৰত হ'ব বুলি অনুমান কৰা হৈছে।[2] অৱশ্যে এই ভাষাৰ বিলুপ্তিৰ তাৎক্ষণিক বিপদ নাই। কাৰণ ইয়াৰ ব্যৱহাৰ প্ৰবল আৰু পিৰাহা সম্প্ৰদায় বেছিভাগেই একভাষিক। পিৰাহাসকলৰ সৈতে ১৮ মাহ ধৰি বাস কৰা নৃতত্ত্ববিদ মাৰ্কো এণ্টনিঅ' গনচালভেছে লিখিছে যে "বেছিভাগ পুৰুষে পৰ্তুগীজ ভাষা বুজি পায়, যদিও সকলোৱেই ভাষাটোত নিজকে প্ৰকাশ কৰিবলৈ সক্ষম নহয়। মহিলাসকলৰ পৰ্তুগীজ ভাষাৰ বিষয়ে কম বুজাবুজি থাকে আৰু কেতিয়াও ইয়াক ব্যৱহাৰ নকৰে।"

ধ্বনিবিজ্ঞান

[সম্পাদনা কৰক]

পিৰাহা ভাষা হৈছে ধ্বনিতাত্ত্বিকভাৱে সৰল ভাষাসমূহৰ ভিতৰত অন্যতম, ৰ'ট'কাছ (নিউ গিনি) আৰু লেকছ প্লেইন ভাষা যেনে অবকুইটাইৰ সৈতে তুলনাযোগ্য।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "পিৰাহা". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/pira1253. 
  2. Nevins, Andrew; Pesetsky, David; Rodrigues, Cilene (September 2009). "Evidence and argumentation: A reply to Everett (2009)". Language খণ্ড 85 (3): 671–681. doi:10.1353/lan.0.0140.